প্ৰথম দৃষ্টিহীন মহিলা টি-২০ বিশ্বকাপ ক্ৰিকেট খেলুৱৈ অসম গৌৰৱ সিমু দাস স্ব-গৃহত উপস্থিত।
উৰুখা পজাৰ পৰা গৈ বিশ্ব জয় কৰা সিমু দাস নগাঁৱৰ কঠিয়াতলী কছাৰি গাঁৱৰ স্ব-গৃহত আজি উপস্থিত হয়।
কঠিয়াতলীত বিভিন্ন দল সংগঠনৰ উষ্ম আদৰণি জনায় সিমু দাসক।
সিমু দাসৰ সাফল্যত উৎফুল্লিত কঠীয়াতলীবাসী।
পোন প্ৰথমবাৰৰ বাবে শ্ৰীলংকাৰ কলম্বোত অনুষ্ঠিত হোৱা দৃষ্টিহীন বিশ্বকাপ টি২০ ক্ৰিকেটত নেপালক হৰুৱাই বিজয়ী হোৱা ভাৰতৰ দলটোৰ খেলুৱৈ আছিল সিমু দাস।
বিশ্ব জয়ী সিমু দাসে মৰম দিয়াৰ বাবে কঠিয়াতলী ৰাইজ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায়।
