ছিপাঝাৰৰ দুমুনীচকীত মঙলবাৰে নিশা চোৰৰ উপদ্ৰৱ।
এখন মোবাইলৰ দোকানত সংঘটিত হয় চুৰিকাণ্ড।
চোৰে লুটি নিলে বহুকেইটা মোবাইল ফোনৰ লগতে নগদ চল্লিছ হাজাৰ টকা ।
দোকানৰ চিলিং কাটি চোৰে প্ৰৱেশ কৰি এই চুৰি কাৰ্য্য সংঘটিত কৰে।
আনহাতে CCTV ৰ কেমেৰাত আবদ্ধ হৈছে চুৰি কাণ্ড সংঘটিত কৰা যুৱক গৰাকীৰ কিছু দৃশ্য।