শিৱসাগৰত দিহানামৰ বিশ্ব ৰেকৰ্ডৰ প্ৰস্তুতি। শিৱসাগৰত একেলগে ১৫ হাজাৰ নামতীয়ে পৰিৱেশন কৰিব দিহানাম।
দিহানামৰ বিষয়ে বস্তু শুদ্ধৰূপত পৰম্পৰা আৰু পদ্ধতিগতভাৱে পৰিবেশন কৰি বিশ্ব দৰবাৰত অভিলেখ গঢ়াৰ দ্বাৰা প্ৰতিষ্ঠা কৰাৰ মনস্থ কৰি অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাক লিখিতভাৱে অৱগত কৰিছে
ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্রণালয়ৰ অধীনৰ NEZCCৰ দ্বাৰা দিহানামৰ ‘গুৰু’ উপাধিপ্রাপক তথা ৰত্নগর্ভা তেজস্বিনী ফাউণ্ডেশ্যনৰ অধ্যক্ষ অমিয়া নেওগ কলিতাই। অমিয়া নেওগ কলিতাৰ নেতৃত্বত আৰু সহস্রাধিক দিহানামৰ নামতিৰ সহযোগত আয়োজন কৰা হ’ব বিশ্ব অভিলেখৰ অনুষ্ঠান। এই অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ দিহানামপ্রেমী মহিলা সকলে অংশগ্ৰহণ কৰিব।
ইতিমধ্যে অসমৰ নগাঁও জিলাৰ পৰা তিনিচুকীয়া জিলালৈকে বিষয়বস্তু আগবঢ়াই নিবলৈ কেৱল মহিলাৰ দ্বাৰা এখনি ৰাজ্যিক সমিতি গঠন কৰিছে। ‘ৰত্নগর্ভা তেজস্বিনী ফাউণ্ডেশ্যন’ৰ তৎপৰতাত অনুষ্ঠিত হ’বলগীয়া সেই বিশেষ অনুষ্ঠানটিত অসমৰ বিভিন্ন ঠাইত প্ৰচলিত সুৰৰ সংমিশ্রণ ঘটাই তিনিটি দিহানাম পৰিৱেশ কৰা হ’ব, য’ত তাৰে এটি দিহানাম অসমৰ নৱপ্ৰজন্মৰ উঠি অহা যুৱতীসকলে পৰিৱেশন কৰিব।সামগ্রিকভাবে ইয়াৰ বিষয়বস্তু আগবঢ়াই নিবলৈ ৩০০০ গৰাকী নামতী থাকিব আৰু তেওঁলোকক নির্বাচিত কৰি প্ৰশিক্ষণ প্ৰদান কৰা হৈছে বুলিও জানিবলৈ দিয়ে।
