ৰাজ্যৰ অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান।ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ শ্ৰীভূমিতো অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান।
গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত দেওবাৰে মাজনিশা বদৰপুৰ ৰে’লৱে ষ্টেচনৰ সন্মুখত অভিযান চলাই বৃহৎ পৰিমাণৰ য়াবা টেবলেটসহ দুটা সৰবৰাহকাৰীক আটক কৰে।
আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুটা হৈছে শ্ৰীভূমিৰ পাথাৰকান্দি থানা এলেকাৰ আহমেদ হোছেইন লস্কৰ আৰু একেটা থানা এলেকাৰ বাটইৱা গাঁৱৰ আবু হুছেইন বুলি জানিব পৰা গৈছে।ইপিনে আৰক্ষীৰ তদন্তত তেওঁলোকৰ পৰা প্ৰায় ১০ হাজাৰ য়াবা টেবলেট উদ্ধাৰ কৰিছে। লগতে এইয়াবা টেবলেটখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ১ কোটি টকা হব বুলিও জানিব পৰা গৈছে। আৰক্ষীৰ সূত্ৰইও প্ৰকাশ কৰিছে ধৃত সৰবৰাহকাৰী দুটাই সাইৰং- বদৰপুৰ ৰে’লযোগে বদৰপুৰলৈ ড্ৰাগছ সৰবৰাহৰ উদ্দেশ্যে আহিছিল।