শ্ৰীভূমিৰ ৰামকৃষ্ণনগৰত ভয়ংকৰ ঘটনা
আনিপুৰ–ৰামকৃষ্ণনগৰ সংযোগী দলং ভাঙি ছিংলা নদীত পৰিল ৭খনকৈ বাহন
বুধবাৰে দিনৰ প্ৰায় ১১-৩০ বজাত ছিংলা নৈৰ ওপৰত থকা লোহাৰ দলঙখন ভাগি পৰে। অভাৰলোড ডাম্পাৰ’ৰ দৌৰাত্ম্যৰ ফলত দলং ভাগি যোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ।
দলংখন ভাগি যোৱাৰ ফলত বন্ধ হৈ পৰে সকলো ধৰণৰ যান-বাহনৰ চলাচল। সৃষ্টি হৈছে এক অভাৱনীয় পৰিস্থিতিৰ।
নৈখনৰ ওপৰত থকা গুৰুত্বপূৰ্ণ দলংখন হঠাতে ভাগি পৰাত একাধিক বাহন নৈত পৰি যায়।
এই মৰ্মান্তিক দুৰ্ঘটনাত দুজন ব্যক্তি গুৰুতৰভাৱে আহত হয়। তেওঁলোকৰ এজনক ততাতৈয়াকৈ শ্রীভূমি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আনজনক চৰগুলা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈছে চক্ৰ বিষয়া সৌভিক দত্ত লগতে বৃহৎ আৰক্ষী বাহিনী।