শুৱালকুছিত নিশা ভয়ংকৰ অগ্নিকাণ্ড।
শুৱালকুছি গান্ধী আশ্ৰমৰ নিচেই কাষতে সংঘটিত হয় এই অগ্নিকাণ্ড ।
এটি বিদুৎ ট্ৰেন্সফৰ্মত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ।
চকুৰ সমুখতে দপদপকৈ জ্বলি উঠি ভষ্মীভূত হয় পৰে বৈদ্যুতিক ট্ৰেন্সফাৰ্মটো ।
নিমিষতে জুইৰ লেলিহান ধোৱাই আগুৰি ধৰে সমগ্ৰ অঞ্চল ।
লগে লগে ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে বিদুৎ বিভাগ আৰু অগ্নিনিৰ্বাপক বাহনীক খবৰ দিয়ে ।
ঘটনাস্থলীত দুখনকৈ অগ্নিনিৰ্বাপনৰ বাহন উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ।
স্থানীয় লোকে জানিব দিয়া মতে শ্বৰ্ট চাৰ্কিটৰ ফলতে সংঘটিত হৈছে এই ঘটনা ।
অগ্নিকাণ্ডৰ ফলত কোনো ক্ষয়ক্ষতি হোৱা নাই বুলি জানিব দিছে স্থানীয় লোকে।
