শুৱালকুছিত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ।
নিশা শুৱালকুছি জব্দ বৃহৎ পৰিমানৰ অবৈধ বিলাতী সুৰাসহ বাহন।
শুৱালকুছি প্ৰৱেশ দ্বাৰ সমীপত থকা অবৈধ সুৰাৰ ঘাটিৰ পৰা নিশা ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজে কৃষ্ণ দাস নাম অবৈধ সুৰা ব্যৱসায়ীৰ বিলাতী সুৰা ভৰ্ত্তি বাহন খন জব্দ কৰি শুৱালকুছি আৰক্ষীক চমজাই দিয়ে।
দীৰ্ঘদিনৰ পৰাই শুৱালকুছি আৰু বংশৰত অঞ্চলত অবৈধ সুৰাৰ ৰমৰমীয়া বেহা চলাই গৈছে এটা দুষ্ট চক্ৰই।
নিশাও এনেধৰনৰ অবৈধ ভাৱে সুৰাৰ কঢ়িয়াই অনা বিলাতী সুৰাৰ গাড়ী শুৱালকুছি সমীপত ছাত্ৰ সন্থাৰ সহযোগত স্থানীয় ৰাইজে জব্দ কৰি আৰক্ষীক চমজাই দিয়ে ।
প্ৰায় ২ লক্ষধিক টকা মূল্যৰ বিভিন্ন বেণ্ডৰ সুৰা থকা বুলি জানিব পৰা গৈছে ।
পূৰ্বেও কৃষ্ণ দাসৰ নামৰ সুৰা মাফিয়া গৰাকীৰ অবৈধ বিলাতী সুৰাৰ বাহন স্থানীয় ৰাইজে বা দল সংগঠনে জব্দ কৰি আৰক্ষীক চমজাই দিয়াৰ পিছতো অবৈধ সুৰা বন্ধ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী আৰু আবকাৰী বিভাগে ।
শুৱালকুছি আৰু বংশৰ অঞ্চলত এখনো অনুজ্ঞাপত্ৰ থকা বিলাতী সুৰাৰ বিপণী নাই। যদিও অঞ্চলটোৰ চৌদিশে নিৰ্বিৰ্ঘনে অবৈধ সুৰাৰ এক ৰমৰমীয়া ব্যৱসায় চলি আছে সকলো দেখি শুনিও নিৰৱ ভূমিকাত শুৱালকুছি আৰক্ষী আৰু আৱকাৰী বিভাগ।