ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত ৫খনীয়া T20 শৃংখলাৰ প্ৰথমখন মেচত ১০১ ৰাণত জয়লাভ ভাৰতৰভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত ৫খনীয়া T20 শৃংখলাৰ প্ৰথমখন মেচত ১০১ ৰাণত জয়লাভ ভাৰতৰ

Share and Enjoy !

Shares

ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত ৫খনীয়া T20 শৃংখলাৰ প্ৰথমখন মেচত ১০১ ৰাণত জয়লাভ ভাৰতৰ।

ওড়িশাৰ কটকৰ বাৰাবতী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত দক্ষিণ আফ্ৰিকাই টছত জিকি প্ৰথমে ভাৰতক বেটিঙৰ বাবে আমন্ত্ৰণ জনায়।

প্ৰথমে বেটিং কৰি ভাৰতে নিৰ্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৭৫ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ হাৰ্দিক পাণ্ডিয়াই ২৮ টা বলত অপৰাজিত ৫৯ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকা দলটোৱে ১২.৩ অভাৰত আটাইকেইটা উইকেট হেৰুৱায় সংগ্ৰহ কৰে ৭৪ ৰাণ ।

ভাৰতৰ হৈ অৰ্শদ্বীপ সিং, যশপ্ৰীত বুমৰাহ, বৰুণ চক্ৰুৱৰ্তী আৰু অক্সৰ পেটেলে ২টাকৈ উইকেট লাভ কৰে।

আনহাতে, হাৰ্দিক পাণ্ডিয়া আৰু শিৱম ডুবেয়ে ১টাকৈ উইকেট লাভ কৰে। খেলখনত অল ৰাউণ্ডাৰ প্ৰদৰ্শন কৰা হাৰ্দিক পাণ্ডিয়াক প্লেয়াৰ অৱ দ্য় মেচ ঘোষণা কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *