Share and Enjoy !

Shares

তামাৰহাটৰ শগুনচৰাত নাও দুর্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। পোহৰলৈ আহিছে নাও দুৰ্ঘটনাৰ নতুন মোৰ।

একাংশই কৰিছে দুৰ্ঘটনাৰ শিহৰণকাৰী বৰ্ণনা । এখন নাৱত উঠিব বিচৰা নাছিল ছাত্ৰ-ছাত্ৰী সকলে । আব্দুল মোতালেব আৰু নাৱেব আলীৰ জোৰ কৰি ছাত্ৰ-ছাত্ৰীসকলক উঠাইছিল । দুৰ্ঘটনাৰ পাছত আব্দুল মোতালেব আৰু নাৱেব আলীৰ কৰা নাছিল কোনো লোকক উদ্ধাৰ। সাঁতুৰী পাৰলৈ অহা একাংশই ভৰিত ধৰিছিল আব্দুল মোতালেব আৰু নাৱেব আলীৰ। কৈছিল আন সকলক উদ্ধাৰ কৰা কথা। কিন্তু আব্দুল মোতালেব আৰু নাৱেব আলী নদীৰ পাৰৰ পৰা নামি নগ’ল পানীত । এই কথা বৰ্ণনা কৰাৰ পাছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

শ শ গাঁওবাসীয়ে আব্দুল মোতালেবৰ বাসগৃহ ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে। আনহাতে, কান্দোনৰ ৰোল পৰে প্ৰতিবাদস্থলীত । সকলোৰে এটাই দাবী ঘূৰাই দিয়ক আমাৰ সন্তানক। অভিভাৱকক নজনাকৈ ৰাতিপুৱা মোক্তৱৰ পৰা লৈ গৈছিল ২২ গৰাকী ছাত্ৰ-ছাত্ৰীক।

Leave a Reply

Your email address will not be published. Required fields are marked *