মাজনিশা মৰণকাতৰ আৰ্তনাদ! পুৱা ঘৰৰ ভিতৰৰ কল্পনা কৰিব নোৱাৰা এক দৃশ্য...মাজনিশা মৰণকাতৰ আৰ্তনাদ! পুৱা ঘৰৰ ভিতৰৰ কল্পনা কৰিব নোৱাৰা এক দৃশ্য...

Share and Enjoy !

Shares

ৰাজ্যত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এইবাৰ টীয়কৰ বলমা মৰাণ গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা।

জানিব পৰা মতে, মঙলবাৰে মাজনিশা প্ৰায় ২ বজাত মৰাণ গাঁৱৰ কল্যাণ কোঁৱৰ নামৰ লোকজনৰ ঘৰৰ পৰা আহিছিল চিঞৰ। সেই চিঞৰ শুনি প্ৰতিৱেশীসকল ওলাই আহি কল্যাণ কোঁৱৰক সুধিছিল যদিও কল্যাণ কোঁৱৰে একো হোৱা নাই বুলি কৈ ওভতাই পঠিয়াইছিল।

কিন্তু বুধবাৰে বহু দেৰিলৈকে কল্যাণ কোঁৱৰৰ ঘৰৰ দুৱাৰ-খিৰিকী নোখোলা স্থানীয় লোকৰ সন্দেহ উপজে আৰু খিৰিকীৰ জুমি চোৱাত তেজেৰে তুমৰলি অৱস্থাত প্ৰত্যক্ষ কৰে মাতৃ-কন্যাক।

লগে লগে ঘটনা সন্দৰ্ভত গাঁও প্ৰধানক খবৰ দিয়ে আৰু গাঁও প্ৰধানৰ উপস্থিতিত স্থানীয় লোকে দুৱাৰ ভাঙি কোঠাত সোমাই প্ৰত্যক্ষ কৰে মাতৃ চুনচুনি কোঁৱৰ আৰু ছবছৰীয়া সোণাক্ষী কোঁৱৰৰ ছিন্ন-ভিন্ন মৃতদেহ। আন এটা কোঠাত কন্যাৰ মুণ্ড কোঁচত লৈ বহি থকা অৱস্থাত উদ্ধাৰ কৰে কল্যাণ কোঁৱৰক।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্তত সন্দেহ কৰে যে এই হত্যাকাণ্ডটো স্বামী কল্যাণ কোঁৱৰ সংঘটিত কৰিছে।

ইফালে স্থানীয় লোকে জনোৱা অনুসৰি, কল্যাণ কোঁৱৰৰ পেটত আছিল আঘাতৰ চিন। কিন্তু কিয় পত্নী আৰু কন্যাক নৃশংসভাৱে হত্যা কৰিলে বৰ্তমানলৈ জানিব পৰা হোৱা নাই ।

এতিয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য। ইতিমধ্যে ঘটনাস্থলীত ফৰেণছিকৰ লোক উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *