Share and Enjoy !

Shares
গোপন সূত্ৰৰ ভিত্তিত শোণিতপুৰ আৰক্ষীয়ে অভিযান চলাই পাকিস্তানী চোৰাংচোৱা সংস্থাৰ লগত জড়িত থকাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰিছে।
অভিযুক্ত কুলেন্দ্ৰ শৰ্মা ভাৰতীয় বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত JWO তথা তেজপুৰৰ পতীয়াচুবুৰীৰ বাসিন্দা। শোণিতপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই জনোৱা অনুসৰি ধৃত কুলেন্দ্ৰ শৰ্মাই সামাজিক মাধ্যমত ভাৰত ৰাষ্ট্ৰৰ স্পৰ্শকাতৰ তথা গুৰুত্বপূৰ্ণ নথিপত্ৰ শ্বেয়াৰ কৰিছিল।
আৰক্ষীয়ে কুলেন্দ্ৰ শৰ্মাৰ পৰা এটা লেপটপ আৰু ম’বাইল জব্দ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তেজপুৰ সদৰ থানাত গোচৰ ৰুজু কৰিছে। আনহাতে জব্দ কৰা লেপটপ আৰু ম’বাইল ফোনৰ পৰা অধিক তথ্য উদ্ধাৰৰ বাবে ফৰেনচিক বিজ্ঞানাগাৰালৈ প্ৰেৰণ কৰা হ’ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *