মেট্ৰিক পৰীক্ষাৰ প্ৰাকমুহূৰ্তত তেজপুৰত চাঞ্চল্য ঘটনা।
তেজপুৰত সন্ধানহীন হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শিক্ষাৰ্থী অভিভাৱকে মোবাইল ব্যৱহাৰ কৰাত বাধা দিয়াৰ বাবেই পৰীক্ষাৰ আগমুহূৰ্তত ঘৰ ত্যাগ কৰে ছাত্ৰজনে।
তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ছাত্ৰ বিচু দে নামৰ ছাত্ৰজন মঙলবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে।
অভিভাৱকে মোবাইল ব্যৱহাৰ কৰিবলৈ নিদিয়াৰ বাবেই ঘৰৰ পৰা ওলাই গৈছে ছাত্ৰজন।এই বিষয়ে পিতৃ মাতৃলৈ টোকা লিখি কালি নিশাৰ পৰা বিচু দে সন্ধানহীন হয়।শিক্ষাৰ্থীগৰাকীৰ অভিভাৱকে তেজপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে। ।