Share and Enjoy !

Shares

তেজপুৰত নিশা ভয়ংকৰ দুৰ্ঘটনা৷ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ দ-অংশত সোমাই পৰে বাহন৷ কলিয়াভোমোৰা দলঙৰ সমীপত সংঘটিত হয় দুৰ্ঘটনাটো৷

কলিয়াবৰ দিশৰ পৰা তেজপুৰ অভিমুখে আহি আছিল বাহনখন৷ দ্ৰুতবেগত অহাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ৷

দুৰ্ঘটনাত থিতাতে নিহত যুৱতীসহ দুজন৷ নিহতদ্বয় নৱদ্বীপ ভূঞা আৰু ৰিচিকা তালুকদাৰ৷ গুৰুতৰভাৱে আহত ভাৰ্গব শইকীয়া৷ নিশা প্ৰায় ২ বজাত সংঘটিত হয় দুৰ্ঘটনাটো৷

আহত ভাৰ্গব শইকীয়াৰ ঘৰ তেজপুৰৰ গটঙাত৷ নিশা তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও নিশাই উন্নত চিকিৎসাৰ বাবে তেজপুৰ নেমকেয়াৰলৈ প্ৰেৰণ কৰা হয়৷ দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে দুৰ্ঘটনাত পটিত বাহনখন ধ্বংসস্তুপত পৰিণত হয়৷ বাহনখনৰ নম্বৰ হৈছে AS12 AG 0908।

Leave a Reply

Your email address will not be published. Required fields are marked *