তিনিচুকীয়া বাহাদুৰ চাৰিআলিত শোকাৱহ পথ দুৰ্ঘটনা।
মাটি কঢ়িওৱা ডাম্পাৰে মহতিয়াই নিলে এগৰাকী যুৱতীক।
দুৰ্ঘটনাত থিতাতে নিহত দিপালী মুণ্ডা নামৰ ১৮ বছৰীয়া যুৱতীগৰাকী।
দুৰ্ঘটনা সংঘটিত কৰা মাটি ডাম্পাৰখনক স্থানীয় ৰাইজে ধৰি ৰাখিবলৈ সক্ষম হয়।
এই ঘটনাৰ পিছতেই উত্তেজিত হৈ পৰে ৰাইজ।
নিহত যুৱতীগৰাকীৰ ন্যায় দাবীত তিনিচুকীয়া–দুলীয়াজান ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে উত্তেজিত জনতাই।