তিনিচুকীয়াত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা।
ৰাজা আলি পথৰ আনন্দ নগৰত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ঘটনাত জাহ যায় কেইবাটাও ভাড়াঘৰ।
অগ্নিকাণ্ডৰ সময়ত কেইবাটাও ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত জুইয়ে অধিক বিধ্বংসী ৰূপ লয়।
বিস্ফোৰণৰ শব্দত সমগ্ৰ অঞ্চলত আতংকৰ সৃষ্টি হয় আৰু স্থানীয় ৰাইজে নিৰাপদ স্থানলৈ পলায়ন কৰে।
পৰৱৰ্তী সময়ত ঘটনাস্থলীত কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ চেষ্টা অব্যাহত ৰাখে।
ক্ষয়-ক্ষতিৰ পৰিমাণ আৰু অগ্নিকাণ্ডৰ সঠিক কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই