গোৱাৰ নৈশ ক্লাৱত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড সন্দৰ্ভত এজনক আটকগোৱাৰ নৈশ ক্লাৱত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড সন্দৰ্ভত এজনক আটক

Share and Enjoy !

Shares

গোৱাৰ নৈশ ক্লাৱত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড সন্দৰ্ভত গোৱা আৰক্ষীয়ে অজয় গুপ্তা নামৰ এজনক আটক কৰিছে। আটকাধীন লোকজন নৈশক্লাৱটোৰ ৪ স্বত্বাধিকাৰীৰ মাজৰ এজন বুলি জানিব পৰা গৈছে।

ঘটনাৰ পাছতে অজয় গুপ্তা আৰু আন এজন স্বত্বাধিকাৰী সুৰিন্দৰ কুমাৰ খোছলাৰ বিৰুদ্ধে আৰক্ষীয়ে লুক আউট নটিছ জাৰি কৰিছিল।

গোৱা আৰক্ষীৰ মুখপাত্ৰই জনোৱা অনুসৰি, অজয় গুপ্তা হৈছে আটক হোৱা ষষ্ঠজন অভিযুক্ত। ক্লাৱটোৰ বাকী দুজন স্বত্বাধিকাৰী সৌৰভ লুথ্ৰা আৰু গৌৰৱ লুথ্ৰা বৰ্তমানেও পলাতক হৈ আছে। পলাতক দুয়োজন অভিযুক্তৰ বিৰুদ্ধে ব্লু কৰ্ণাৰ নটিছ জাৰি কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *