চলিতবৰ্ষৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন।
আজি বাজেট দাখিলৰ সময়ত এই কথা ঘোষণা কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।
নিৰ্মলা সীতাৰমণে কয়, নতুন আয়কৰ আইন অনুসৰি ৩১ জুলাইলৈকে আয়কৰ ৰিটাৰ্ণ দাখিল কৰিব পাৰিব। অডিট নোহোৱা ব্যৱসায়িক গোচৰ বা ট্ৰাষ্টৰ ক্ষেত্ৰত ৩১ আগষ্টলৈকে ৰিটাৰ্ণ দাখিল কৰিব পাৰিব। কৰ গাঁথনি আৰু অধিক সহজ কৰি তোলা হ’ব। কেৱল ক্ষুদ্ৰ আয়কৰ ফাঁকিৰ বাবেহে জৰিমনা আৰোপ কৰা হ’ব। জে’ললৈ যোৱাৰ পৰা হাত সাৰিবলৈ অতিৰিক্ত ১০ শতাংশ জৰিমনা ভৰিব লাগিব।
লগতে নিৰ্মলা সীতাৰমণে কয় , কৰ পুনৰ ক্ৰয়ক সকলো শ্বেয়াৰহোল্ডাৰৰ বাবে মূলধনী লাভ হিচাপে গণ্য কৰা হ’ব। অপব্যৱহাৰ ৰোধ কৰিবলৈ প্ৰমোটাৰসকলে ১০% অধিক হাৰত কৰ দিব লাগিব। ভাৰতৰ পৰা ক্লাউড সেৱা প্ৰদান কৰা যিকোনো বিদেশী কোম্পানীয়ে ২০৪৭ চনলৈকে কৰ ৰেহাই পাব। অৱশ্যে তেওঁলোকে ভাৰতীয় গ্ৰাহকক পুনৰ বিক্ৰেতাৰ জৰিয়তে সেৱা আগবঢ়াব লাগিব।