লোকসভাত দাখিল কেন্দ্ৰীয় বাজেট ২০২৬-২৭ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ।
বাজেটত উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন খণ্ডৰ বিকাশৰ বাবে গুৰুত্ব আৰোপ কৰা হৈছে।
বাজেটত অসমলৈ প্ৰথমটো উপহাৰ।
অসমৰ লগতে আন কেইবাখনো ৰাজ্যত বৌদ্ধ চাৰ্কিট বিকাশৰ পৰিকল্পনা কৰা হৈছে।
নাৰিকল, কাজু, চন্দন উতপাদনৰ বাবে অধিক গুৰুত্ব প্ৰদান কৰা হ’ব।
লাখপতি বাইদেউ আঁচনি আমাৰ যথেষ্ট সফল হৈছে। আত্মনিৰ্ভৰ হৈছে মহিলাসকল।
১৫টা পুৰাতাত্বিক স্থলৰ বিকাশৰ বাবে প্ৰদক্ষেপ গ্ৰহণ কৰিব চৰকাৰে।
দিব্যাংগ সহায়ক যোজনাৰ বাবে বিশেষ কেন্দ্ৰ স্থাপন কৰা হ’ব।
তেজপুৰৰ মানসিক স্বাস্থ্য উন্নয়ন কেন্দ্ৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নত কৰা হ’ব।
উত্তৰ-পূবৰ ৫ৰাজ্যত স্থাপন কৰা হ’ব ৫টা অত্যাধুনিক পৰ্যটন কেন্দ্ৰ।