কাইলৈ ফ্লেগঅফ হ’ব বন্দে ভাৰত শ্লীপাৰ এক্সপ্ৰেছ ট্ৰেইনৰ। কামাখ্যা ষ্টেচনৰ পৰা হাওৰালৈ চলিব বন্দে ভাৰত শ্লীপাৰ ট্ৰেইন।
শনিবাৰে কলকাতাৰ মালদহ টাউন ৰে’লৱে ষ্টেচনৰ পৰা আনুষ্ঠানিকভাৱে মুকলি কৰিব কলকাতা-কামাখ্যা বন্দে ভাৰত শ্লীপাৰ এক্সপ্ৰেছ ৰে’ল ।কলকাতা আৰু গুৱাহাটীৰ মাজত চলিবলগীয়া এই ৰে’লখন প্ৰধানমন্ত্রীয়ে কলকাতাৰ পৰা ফ্লেগ অ’ফ কৰিব আৰু গুৱাহাটীৰ কামাখ্যা ষ্টেচনত উপস্থিত থাকিব মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা
উল্লেখ্য যে, ১৮ জানুৱাৰীত প্ৰধানমন্ত্রীয়ে অসমৰ পৰা আৰু দুখন ট্ৰেইনৰ ফ্লেগ অ’ফ কৰিব । ইয়াৰে এখন ৰে’ল ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌ লৈ যাব আৰু আনখন নতুন ট্ৰেইন গুৱাহাটীৰ পৰা নতুন দিল্লীলৈ যাব । এই দুখন ট্ৰেইনৰ প্ৰধানমন্ত্রীয়ে কলিয়াবৰৰ অনুষ্ঠানৰ পৰা এলিভেটেড ক’ৰিডৰৰ লগতে আনুষ্ঠানিকভাৱে ফ্লেগ অ’ফ কৰিব ।