আজিৰে পৰা আৰম্ভ হ’ল বন্দে ভাৰত শ্লীপাৰ এক্সপ্ৰেছ । গুৱাহাটী আৰু কলকাতাৰ মাজত চলিল প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ এক্সপ্ৰেছ । কলকাতাৰ মালদা টাউন ৰে’লৱে ষ্টেচনৰ পৰা হাওড়া-কামাখ্যা বন্দে ভাৰত শ্লীপাৰ এক্সপ্ৰেছৰ ফ্লেগ অ’ফ কৰে প্ৰধানমন্ত্রী মোদীয়ে ।
আনহাতে গুৱাহাটীৰ কামাখ্যা জংচনত আয়োজন কৰা উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য উপস্থিত থাকে। গুৱাহাটীৰ কামাখ্যা জংচনৰ পৰা প্ৰধানমন্ত্রীৰ বন্দে ভাৰত শ্লীপাৰ এক্সপ্ৰেছ ট্ৰেইন মুকলি কৰে।
কামাখ্যা জংচনত আয়োজন কৰা অনুষ্ঠানত ভাষণ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়,”গুৱাহাটী আৰু কলকাতাৰ মাজত দূৰত্ব ৯৭২ কিলোমিটাৰ । বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছৰ যোগেদি ১৪ ঘণ্টাত এই দূৰত্ব অতিক্ৰম কৰিব পৰা যাব । এই সেৱাই সুৰক্ষা প্ৰদানৰ লগতে যাত্রীসকলক বিশ্বমানৰ যাত্রাৰ অভিজ্ঞতা প্ৰদান কৰিব । অতি আৰামদায়ক ব্যৱস্থা উপলব্ধ । প্ৰধানমন্ত্রীক অসমবাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ।”
লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ” প্ৰধানমন্ত্রীয়ে দেওবাৰে অসমবাসীক দিব দুখন ট্ৰেইন ।কাইলৈ প্ৰধানমন্ত্রী কলিয়াবৰলৈ যাব আৰু অমৃত ভাৰত এক্সপ্ৰেছৰ ডিব্ৰুগড় আৰু লক্ষ্ণৌৰ মাজত আৰু গুৱাহাটী আৰু নতুন দিল্লীৰ মাজত দুখন নতুন ট্ৰেইনৰ শুভাৰম্ভ কৰিব ”
এই অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্রী পৱিত্র মাৰ্ঘেৰিটা, মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰী, সাংসদ বিজুলী কলিতা মেধি, প্ৰদান বৰুৱা, ভূৱনেশ্বৰ কলিতা, এন এফ ৰে’লৱেৰ মহা প্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱ ভালেসংখ্যক বিশিষ্ট ব্যক্তি ।
আনহাতে অনুষ্ঠানত অংশ গ্ৰহণ কৰি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কয়,”ভাৰতীয় ৰে’লে ইতিহাস ৰচনা কৰিলে । প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাইছোঁ “