পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত উপস্থিত সৰ্বদলীয় সঁজাতি দল। দলটোত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ সৈতে আছে অখিল গগৈ, জগদিশ ভূঞা,ৰেকিবুদ্দিন আহমেদৰ উপৰিও বিৰোধীৰ বহুকেইগৰাকী নেতৃবৰ্গ।
এই সৰ্বদলীয় সজাতি দলটোৱে খেৰণি কাণ্ডত জাহ যোৱা দোকান-পোহাৰ সমূহ পৰিদৰ্শন কৰে । অসম বিধানসভাৰ এঘাৰজন বিধায়কৰ প্ৰতিনিধিয়ে খেৰণিত উপস্থিত হৈ দৈনিক বজাৰৰ ভুক্তভোগী লোকৰ সৈতে মত বিনিময় কৰি ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে সকলোকে শান্তি-সম্প্ৰিতি অটুট ৰাখিবলৈ আহ্বান জনায় সৰ্বদলীয় প্ৰতিনিধিৰ দলটোৱে ।
ইয়াৰোপৰি সৰ্বদলীয় প্ৰতিনিধিৰ দলটোৱে পশ্চিম কাৰ্বি আংলং খেৰণি বজাৰৰ অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ মৃত্যু হোৱা সুৰয দে আৰু আৰক্ষীৰ গুলীত নিহত হোৱা লিনুষ ফাংচʼৰ ঘৰত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে। লগতে আদ্যশ্ৰাদ্ধৰ বাবে কিছু আৰ্থিক সাহাৰ্য্য আগবঢ়াই।
ইফালে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে শ্বহীদ লিনুষ ফাংচʼৰ চাৰিটা সন্তানৰ যিকোনো এটা সন্তানক পঢ়া-শুনাৰ দায়িত্ব লয় ।