পুনৰ ৰাজ্যত বন্যহস্তীৰ কৰুণ মৃত্যুপুনৰ ৰাজ্যত বন্যহস্তীৰ কৰুণ মৃত্যু

Share and Enjoy !

Shares

অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত বন্যহস্তীৰ জাক এতিয়া নামি আহে সমতল ভূমিলৈ। বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত বন্যহস্তীসমূহ জনাঞ্চললৈ উলাই আহিবলৈ বাধ্য হৈছে।

ফলত সৃষ্টি হৈছে সঘনাই সংঘটিত হৈছে হাতী মানুহৰ সংঘাত।শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন জিলাত সংঘটিত হৈ অহা হাতী-মানুহৰ সংঘাতৰ ঘটনাই জটিল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে।

প্ৰাকৃতিক দুৰ্যোগৰ দৰে এক বৃহৎ দুৰ্যোগৰ ৰূপত দেখা হস্তী মানুহৰ সংঘাতত কেৱল মানুহৰে যে প্ৰাণহানি হৈছে তেনে নহয়,খাদ্যৰ সন্ধানত নামি অহা বন্য হস্তীৰো বহু সময়ত প্ৰাণ গৈছে(Wild elephanat death)।

ৰাজ্যত হাতী মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে পুনৰ এটা বন্যহস্তীৰ মৃত্যু। বৰ্তমান ৰাজ্যত ধাৰাবাহিকভাৱে বন্যহস্তীৰ মৃত্যুৱে উদ্বেগৰ সৃষ্টি কৰিছে প্ৰকৃতিপ্ৰেমি সকলক।

মৰিগাঁৱৰ ধৰমতুল বনাঞ্চল এলেকাৰ ভলুকাগুৰী পথাৰত এটি হাতীৰ মৃতদেহ উদ্ধাৰ।হয়।বৰ্তমানলৈ জানিব পৰা হোৱা নাই হাতীটোৰ মৃত্যুৰ কাৰণ।

বিভাগীয়ভাৱে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে বন বিভাগে।

Leave a Reply

Your email address will not be published. Required fields are marked *