আজি বিশ্ব বন্যপ্ৰাণী দিৱস। প্ৰতি বছৰে ৩ মাৰ্চৰ দিনটোত বিশ্ব বন্যপ্ৰাণী দিৱস হিচাপে পালন কৰা হয়।১৯৭৩ চনৰ পৰা প্ৰতি বছৰে ৩ মাৰ্চ দিনটোত পালন কৰি অহা হৈছে বিশ্ব বন্যপ্ৰাণী দিৱস হিচাপে।convention on international Trade in Endangered Species of World Fauna and Flora চমুকৈ CITES শীৰ্ষক সন্মিলনৰ চুক্তি মৰ্মে ৩ মাৰ্চ দিনটো বিশ্ব বন্যপ্ৰাণী দিৱস হিচাপে পালন কৰা হয়।
বিশ্ব বন্যপ্ৰাণী দিৱস উদযাপনৰ তাৎপৰ্য হৈছে উদ্বেগৰ বিষয়বোৰৰ ওপৰত জনসাধাৰণক শিক্ষিত কৰা।বন্যপ্ৰাণীৰ সমস্যা সম্পৰ্কীয়া গোলকীয় সমস্যা সমাধানা বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহন কৰা আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত সফলতা উদযাপন আৰু শক্তিশালী কৰা।
এই বন্যপ্ৰাণী দিৱসৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক্সত পোষ্ট কৰিছে। তেওঁ লিখিছে যে- ভাৰতীয় হিচাপে আমি গৌৰৱ অনুভৱ কৰোঁ । কিয়নো ভাৰত বিশ্বৰ কিছুমান আটাইতকৈ অসাধাৰণ বন্যপ্ৰাণীৰ আবাসস্থলী। এশিঙীয়া গঁড়ৰ জনসংখ্যা ভাৰতত সৰ্বাধিক।ভাৰত পৃথিৱীৰ একমাত্ৰ স্থান য’ত এছিয়াটিক সিংহ স্বাভাৱিকভাৱে বাস কৰে।