ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত পদক বিজয়ী ভাৰতীয় মহিলা বক্সাৰৰ ।ইংলেণ্ডৰ লিভাৰপুলত অনুষ্ঠিত হোৱা ২০২৫ চনৰ বিশ্ব বক্সিং কাপৰ ফাইনেলত পদক লাভ কৰা ভাৰতীয় মহিলা বক্সাৰ দলটোৰ জেছমিন লেম্বৰিয়া, মিনাক্ষী হুদা , নুপুৰ শ্বেওৰাণ আৰু পূজা ৰাণীয় বুধবাৰে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে ।
উল্লেখ্য যে ভাৰতে লাভ কৰা ৯টা স্বৰ্ণ পদকৰ ভিতৰত ৭টা স্বৰ্ণ পদক লাভ কৰিছে মহিলা বক্সাৰে।প্ৰতিযোগিতাখনত জেছমিন আৰু মিনাক্ষীয়ে স্বৰ্ণ পদক, নূপুৰে ৰূপ আৰু পূজাৰাণীয়ে লাভ কৰে ব্ৰঞ্জৰ পদক।
এই প্ৰতিযোগিতাৰ ফাইনেলত ভাৰতে মুঠ ২০ টা সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়। ভাৰতে এই প্ৰতিযোগিতাত ৯টা সোণ, ৬টা ৰূপ, আৰু ৫টা ব্ৰঞ্জৰ পদক লাভ কৰে।
