মৰমৰ গ’ল্ডীৰ অবৰ্তমানত গৰিমা গাৰ্গৰ জন্মদিন;ফেচবুকত মাথো লিখিলে ‘Goldie...’মৰমৰ গ’ল্ডীৰ অবৰ্তমানত গৰিমা গাৰ্গৰ জন্মদিন;ফেচবুকত মাথো লিখিলে ‘Goldie...’

Share and Enjoy !

Shares

আজি গৰিমা শইকীয়া গাৰ্গৰ ওপজা দিন। আনবাৰৰ দৰে এইবাৰৰ কথাবোৰ একেই নহয়। মৰমৰ গল্ডি নাই, গৰিমাৰ জন্মদিন উদযাপন কৰিবলৈ। কঠিন সময়ৰ, কঠিন পৰিস্থিতিৰ সৈতে যুঁজি থকা গৰিমা শইকীয়া গাৰ্গে জন্মদিনৰ দিনটোত জুবিনৰ সৈতে কটোৱা মধুৰ সময়বোৰক মনত পেলাই।

জন্মদিনটোত পুৱাই গৰিমা গাৰ্গৰ সামাজিক মাধ্যমত আবেগিক প’ষ্ট। স্বামী জুবিন গাৰ্গৰ সৈতে পুৰণি দুখন ফটো পুৱাই ফেচবুকত আপলোড কৰিলে গৰিমাই। উক্ত ফটো দুখন পোষ্ট কৰি গৰিমাই লিখিছে -‘গল্ডি’ বুলি।

ইফালে জুবিন গাৰ্গৰ অনুপস্থিতিত পত্নী গৰিমা গাৰ্গক সহস্ৰাধিক লোকে ওপজা দিনৰ ওলগ জনাইছে। একাংশ নেটিজেনে গৰিমা গাৰ্গক ৰাণী আখ্যা দি দিছে ওপজা দিনৰ ওলগ।

Leave a Reply

Your email address will not be published. Required fields are marked *