Share and Enjoy !

Shares

শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ চতুৰ্থ শুনানি আজি জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতত সম্পন্ন হৈছে। পৰৱৰ্তী শুনানিৰ দিন ২২ জানুৱাৰী হিচাপে ধাৰ্য কৰিছে আদালতে।

আদালতত উপস্থিত আছিল জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ, তদন্তকাৰী বিষয়া মৰমী দাস, অমৃতপ্ৰভা মহন্তৰ অধিবক্তা আৰু লোক অধিবক্তা জীয়াউল কামাৰ। চৰকাৰী পক্ষৰ অধিবক্তাই যুক্তি প্ৰদৰ্শন কৰে।

আদালতৰ বাহিৰে সাংবাদিকৰ আগত গৰিমা শইকীয়া গাৰ্গে কয়, “দোষীয়ে অতিশয় কঠোৰ শাস্তি পোৱা উচিত। অসুৰ বধ হ’বই লাগিব, অশুভ শক্তি নিৰ্মূল হবই লাগিব। ছিংগাপুৰত কেৱল সেই দিনটোৰহে তদন্ত চলিছে। ষড়যন্ত্ৰ সন্দৰ্ভত সকলো কথা তদন্তৰ আওতাত আহিব লাগিব। ছিংগাপুৰে সেইখিনিৰ তদন্ত নকৰে।”

গৰিমা শইকীয়া গাৰ্গে লগতে কয়, “সন্দীপনে সঁচা কথাটো কোৱাটো উচিত। এজন ভাতৃ হিচাপে, পুলিচ বিষয়া হিচাপে সঁচা কথাখিনি কওক। সন্দীপন ঘটনাস্থলীত উপস্থিত আছিল, তেওঁৰ দায়িত্ব আছে। নিজৰ ককায়েক হিচাপে সঁচাখিনি কোৱাটো তেওঁৰ দায়িত্ব।”

আদালতে আৰু তদন্তকাৰী বিভাগে এই গোচৰৰ পৰিপূৰ্ণ তদন্ত নিশ্চিত কৰাৰ দিশে কাম চলাই আছে। এই কেছত সমাজৰ পৰা গভীৰ মনোযোগ আৰু জনগণৰ তীব্ৰ আস্থা ৰখা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *