Share and Enjoy !

Shares

আটক বিতৰ্কিত লেখিকা শিখা শৰ্মা।

মহানগৰীৰ পাথৰকুঁৱেৰীৰ নীলাচল এপাৰ্টমেণ্টৰ পৰা আটক কৰে শিখা শৰ্মাক।

জুবিন গাৰ্গৰ সন্দৰ্ভত সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য কৰিছিল শিখা শর্মাই।

শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল জুবিন গাৰ্গৰ পৰিয়ালে।

জুবিন গাৰ্গ ফেন ক্লাৱেও দাখিল কৰিছিল এজাহাৰ।

আজি শিখা শৰ্মাৰ বিৰুদ্ধে গৰিমা শইকীয়া গাৰ্গে দাখিল কৰিছিল এজাহাৰ।

এজাহাৰ ভিত্তিত আৰক্ষীয়ে BNSৰ অধীনত ১৫২/১৯৬/২৯৯/৩৫১/৩৫২/৩৫৩/৩৫৬ ধাৰাৰ অধীনত থানাত ২/২৬ নম্বৰত গোচৰ ৰুজু কৰিছিল।

এই গোচৰৰ ভিত্তিত অপৰাধ শাখাই পাখৰকুঁৱেৰীস্থিত নীলাচল এপাৰ্টমেণ্টৰ A BLOCK ৰ C2 বাসগৃহৰ পৰা শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰে।

বিৰ্তকিত শিখা শৰ্মাই ধাৰাবাহিকভাৱে চৰিত্ৰহনন কৰি আহিছিল জুবিন গাৰ্গৰ আৰু জুবিন গাৰ্গৰ পৰিয়ালৰ। কিন্তু এজাহাৰ দাখিলৰ পিছতে শিখা শৰ্মাই ডিলিট কৰিছিল ফেচবুক প’ষ্ট। আনফালে শিখা শৰ্মাক গ্ৰেপ্তাৰ পিছতে অসম আৰক্ষীক ধন্যবাদ জনাইছে গৰিমা শইকীয়া গাৰ্গে।

Leave a Reply

Your email address will not be published. Required fields are marked *