জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সন্দীপন গাৰ্গই প্ৰত্যাহাৰ কৰিলে জামিন আৱেদন।
জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত জামিন আৱেদন প্ৰত্যাহাৰ দুই অভিযুক্তৰ
আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ জামিন আবেদনৰ শুনানি। কামৰূপ মহানগৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত হৈছিল জামিন আবেদনৰ শুনানি।
ইফালে ৫টা অভিযুক্তই আদালতত দাখিল কৰিছে জামিন আৱেদন। শ্যামকানু মহন্ত, সন্দীপন গাৰ্গ আৰু অমৃতপ্ৰভা মহন্তই বিচাৰিছে জামিন। জামিন বিচাৰিছে দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰায়ো।অমৃতপ্ৰভাৰ হৈ জ্যেষ্ঠ অধিবক্তা আনন ভূঞাই দাখিল কৰিছিল আবেদন। শ্যামকানুৰ হৈ কলকাতাৰ পৰা জামিন আবেদন দাখিল কৰিছিল অধিবক্তাই।