Share and Enjoy !

Shares

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ বিচাৰ ক্ষিপ্ৰ কৰাৰ লক্ষ্যৰে বিশেষ ফাষ্টট্ৰেক আদালত গঠন জুবিন গাৰ্গৰ ন্যায়ৰ তদন্ত সন্দৰ্ভত বৃহস্পতিবাৰৰ কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি সদৰী কৰে মুখ্যমন্ত্ৰীয়ে

কেবিনেট বৈঠকত এই সিদ্ধান্ত হোৱাৰ পাছত সংবাদমাধ্যমৰ আগত গৰিমা শইকীয়া গাৰ্গে মন্তব্য কৰে।। গৰিমা গাৰ্গে কয় যে- এছ আই টিয়ে ইতিমধ্যে তিনিমাহৰ ভিতৰত চাৰ্জশ্বীট দাখিল কৰিছে। কটকটীয়া বিচাৰ প্ৰক্ৰিয়া আৰু নিখুঁত সাক্ষ্য-প্ৰমাণৰ ভিত্তিত দোষীক কঠোৰ শাস্তি দিব লাগে। মুখ্যমন্ত্ৰীয়ে পূৰ্বেই ইয়াক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিহিত কৰিছিল আৰু এছ আই টিয়েও সেই কথা উল্লেখ কৰিছে। এতিয়া সেই সকলো তথ্য আদালতত সঠিকভাৱে প্ৰতিষ্ঠিত হোৱাটো তেওঁলোকৰ মুখ্য লক্ষ্য।

লগতে গৰিমা গাৰ্গে কয়- বিচাৰ প্ৰক্ৰিয়া ‘পানী নসৰকা’ হ’ব লাগিব আৰু দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি অতি সোনকালে লাভ কৰিব লাগিব। অভিযুক্তই জামিন পাই মুকলি আকাশৰ তললৈ ওলাই অহাটো নিবিচাৰো। ‘অসুৰ-দানৱ বধ হ’ব লাগে’। জুবিন গাৰ্গৰ দৰে এজন সত্তাৰ লগত এনেধৰণৰ ঘটনা আজিও মানি ল’ব পৰা নাই। জুবিনক ন্যায় দিয়া দেখিলে আমি সকলোৱে এটা উত্তৰ পাম। তেতিয়া আমাৰ সুস্থিৰতা আহিব। আমি বহুত অশান্তিত আছোঁ, গোটেই অসমখন অস্থিৰ হৈ আছে। সেই সুস্থিৰতা ঘূৰি আহক। তাৰ বাবে সঠিকভাৱে ক্ষিপ্ৰতাৰে বিচাৰ প্ৰক্ৰিয়া চলিব লাগে। দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে।

Leave a Reply

Your email address will not be published. Required fields are marked *