আমাৰ সকলোৰে প্ৰাণৰ শিল্পীগৰাকীৰ অবিহনে ২৬দিন পাৰ হ’ল।
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু যেন এতিয়াও কোনোৱেই মানি ল’ব পৰা নাই । শিল্পীগৰাকীৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাছত প্ৰতিগৰাকী ব্যক্তি ম্ৰিয়মান হৈ আছে শোকত। কিন্তু কায়িকভাৱে জুবিন গাৰ্গ নোহোৱা হ’লেও প্ৰতিগৰাকী অসমীয়া বুকুৱে-বুকুৱে আছে। জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীৰে ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ। ৰাজ্যজুৰি অব্যাহত আছে আছুৰ ‘অৱস্থান বিক্ষোভ’ কাৰ্যসূচী।
পুনৰ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি গৰিমা শইকীয়া গাৰ্গৰ আৱেগিক প’ষ্ট। মঙলবাৰে পুনৰ সামাজিক মাধ্যমত আৱেগিক পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ। মহানায়ক জুবিন গাৰ্গৰ সৈতে থকা স্মৃতি সুঁৱৰি আৱেগিক হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ।
সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গে লিখিছে -মোৰ বুকুত মূৰ থৈ কৈছিলা, ‘তোমাৰ প্ৰতিটো স্পন্দনত ইমান স্পষ্ট যে মোৰ নাম?’শুনি আছানে আজিও কিমান আকুলতাৰে, কিমান হেঁপাহেৰে মাতি আছোঁ মই?
