আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ৰায় দিব কৰনাৰ্ছ ক’ৰ্টে।
ছিংগাপুৰৰ কৰনাৰ্ছ আদালতে বিয়লি প্ৰায় ৫ বজাত এই ৰায় প্ৰদান কৰিব।
একেৰাহে ৩ দিন ধৰি শুনানিৰ অন্তত ৰায় দিবলৈ সাজু ছিংগাপুৰৰ কৰনাৰ্ছ ক’ৰ্ট।
জুবিন গাৰ্গৰ মৃত্যু হত্যা নে স্বাভাৱিক আছিল সেই সন্দৰ্ভত দিব ৰায়দান।
উল্লেখ্য যে, আদালতে যদি মৃত্যুৰ সৈতে জড়িত কোনো ষড়যন্ত্ৰৰ প্ৰমাণ লাভ কৰে তেন্তে ঘটনাটোক লৈ অপৰাধমূলক গোচৰ আৰম্ভ হ’ব। আনহাতে, মৃত্যুক যদি স্বাভাৱিক বুলি ঘোষণা কৰা হয় তেন্তে চলি থকা সমগ্ৰ গোচৰৰ অন্ত পৰিব বুলি জানিব পৰা গৈছে।