Share and Enjoy !

Shares

অসমত বিধানতসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত। পুৱা ৭ বজাৰ পৰা চলিছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। প্ৰতিটো ভোটকেন্দ্ৰত পুৱাৰে পৰা দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী। নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে ভোটাৰ ৰাইজ।

পুৱাই ভোটদান কৰিবলৈ ওলাই আহিল নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলো। সন্ধিয়া ৫ বজালৈ অব্যাহত থাকিব ভোটগ্ৰহণ প্ৰক্ৰিয়া।

সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰতো পুৱাৰ পৰা চলি আছে ভোটগ্রহণ । এনে পৰিৱেশৰ মাজতে লখিমপুৰত দেখা গল এক ব্যতিক্রমী দৃশ্য । এটা ভোট কেন্দ্রৰ সন্মুখত একাংশ যুৱক-যুৱতীয়ে জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে। এফালে ভোটাৰ ৰাইজে নিজৰ পছন্দৰ প্ৰাৰ্থীজনক ইভিএমৰ জৰিয়তে ভোট প্ৰদান কৰিছে আনফালে দেখা গ’ল একাংশ যুৱক-যুৱতীৰ ব্যতিক্ৰমী পদক্ষেপ ৷

জুবিন গাৰ্গৰ ন্যায় বিচাৰি ওলাই আহিল এইসকল যুৱক-যুৱতী কেইবাজনো যুৱকে বেনাৰত #Justice For Zudeen Garg লেখি ভোটকেন্দ্রৰ সন্মুখত প্ৰতিবাদ কৰে ।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *