আজি ছিংগাপুৰ আৰক্ষীৰ সৈতে বৈঠক অসম আৰক্ষীৰ দুজনীয়া তদন্তকাৰী দলটোৰআজি ছিংগাপুৰ আৰক্ষীৰ সৈতে বৈঠক অসম আৰক্ষীৰ দুজনীয়া তদন্তকাৰী দলটোৰ

Share and Enjoy !

Shares

আজি ছিংগাপুৰ আৰক্ষীৰ সৈতে বৈঠকত মিলিত হ’ব অসম আৰক্ষীৰ দুজনীয়া তদন্তকাৰী দলটো।

বৈঠকত মিলিত হ’ব SIT ৰ মুৰব্বী মুৰব্বী মুন্না প্ৰসাদ গুপ্তা, IPS তৰুণ গোৱেল।

জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰ আৰক্ষীয়ে অব্যাহত ৰখা তদন্তৰ বুজ ল’ব অসম আৰক্ষীৰ দলটোৱে।

ছিংগাপুৰ আৰক্ষীয়ে প্ৰতিবেদন দাখিল কৰিব কৰোণাৰক।

১৯ নৱেম্বৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিব কৰোণাৰক।

তদন্ত প্ৰক্ৰিয়াত SITক সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি ছিংগাপুৰ আৰক্ষীৰ।

প্ৰৱাসী অসমীয়া বাজিদ আহমেদৰ ভাষ্য ল’ব SITয়ে।

ইফালে জুবিন গাৰ্গ থকা হোটেলখনৰ তথ্য আহৰণৰ সম্ভৱনাও আছে আজি। আনফালে এই সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটোত ছিংগাপুৰ আৰক্ষী আৰু অসম আৰক্ষীয়ে কেনেদৰে তদন্ত চলাব তাৰ সন্দৰ্ভতো আলোচনা কৰিব।

উল্লেখ কৰা প্ৰয়োজন যে, জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত য়টত উপস্থিত থকা প্ৰৱাসী অসমীয়াৰ ভিতৰত সকলোবোৰে অসমলৈ আহি ভাষ্য প্ৰদান কৰিছিল যদিও আহমেদ অহা নাছিল অসমলৈ।

Leave a Reply

Your email address will not be published. Required fields are marked *