আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দ্বিতীয় শুনানি। ভাৰ্চুৱেলী হাজিৰ কৰোৱা হয় জুবিন হত্যাৰ ৫ অভিযুক্তক।ভাৰ্চুৱেলী হাজিৰ কৰোৱা হ’ল শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, সন্দীপন গাৰ্গ, অমৃতপ্ৰভা মহন্ত আৰু পৰেশ বৈশ্য, নন্দেশ্বৰ বৰাক।।
শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা মহন্তই এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।
জানিব পৰা মতে, অভিযুক্ত অমৃতপ্ৰভা মহন্তই নিজববীয়াকৈ নিয়োগ কৰিছে অধিবক্তা।অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ হৈ আদালতত উকালতি কৰিব জ্যেষ্ঠ অধিবক্তা গ্ৰেব্ৰিয়েল চাহুৱে। যিহেতু গোচৰটোত হত্যাৰ দৰে গুৰুতৰ ধাৰা সন্নিৱিষ্ট হৈ আছে, সেয়েহে নিজৰ পক্ষ অধিক শক্তিশালী কৰিবলৈ অমৃতপ্ৰভা মহন্তই এইদৰে পৃথক অধিবক্তা নিয়োগ কৰা বুলি চৰ্চা চলিছে।