অযোধ্যাৰ ৰাম মন্দিৰৰ ধৰ্মধ্বজা উত্তোলন প্রধানমন্ত্ৰী মোদীৰঅযোধ্যাৰ ৰাম মন্দিৰৰ ধৰ্মধ্বজা উত্তোলন প্রধানমন্ত্ৰী মোদীৰ

Share and Enjoy !

Shares

অযোধ্যাত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।ধৰ্মধ্বজা উত্তোলন অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ উপস্থিত প্ৰধানমন্ত্ৰী মোদী।

মন্দিৰ কৰ্তৃপক্ষৰ সূত্ৰ অনুসৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে অভিজিৎ মুহূৰ্তত ৰাম মন্দিৰৰ পতাকা উত্তোলন কৰে পতাকা উত্তোলনৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে ৰামলালাৰ বিশেষ আৰতি আৰু পূজাত অংশগ্ৰহণ কৰে।।

ৰাম মন্দিৰ চৌহদৰ ভিতৰত অৱস্থিত সাতটা মন্দিৰ আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰিব।। পূজা আৰু দৰ্শনৰ অন্ত দেশবাসীক সম্বোধন কৰিব।প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰীয়ে মন্দিৰ আৰু অযোধ্যাৰ ইতিহাস আৰু নিৰ্মাণৰ সৈতে জড়িত আধ্যাত্মিক বাৰ্তা সম্পৰ্কে দেশবাসীক সম্বোধন কৰিব।

উল্লেখ্য য়ে, প্ৰায় দুবছৰ পূৰ্বে খোলা হৈছিল ৰাম মন্দিৰৰ দুৱাৰ। এতিয়া ৰামলালাৰ ‘ঘৰ’ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। আৰু তাৰ সূচক হিচাপে এই বিশেষ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাম মন্দিৰৰ পৰা ধ্বজা উত্তোলন কৰে।।

Leave a Reply

Your email address will not be published. Required fields are marked *