আজি ৪০৩ সংখ্যক বীৰ লাচিত দিৱসআজি ৪০৩ সংখ্যক বীৰ লাচিত দিৱস

Share and Enjoy !

Shares

আজি লাচিত দিৱস। জাতীয় বীৰ লাচিত বৰফুকনৰ ৪০৩ সংখ্যক জন্ম জয়ন্তী।

অসমৰ ইতিহাসত জিলিকি থকা বীৰ যোদ্ধাসকলৰ ভিতৰত অন্যতম বীৰ লাচিত বৰফুকন। তেওঁৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত প্ৰতি বছৰে ২৪ নৱেম্বৰৰ দিনটোত ৰাজ্যজুৰি লাচিত দিৱস হিচাপে পালন কৰা হয়।

১৬৬৯ চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনী পৰাজিত কৰি অসমৰ পৰা আঁতৰাই পঠিয়াইছিল। শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে অসমৰ বুৰঞ্জীত তেখেতৰ নাম আজিও জিলিকি আছে।

শৌৰ্য-বীৰ্য আৰু ত্যাগৰ প্ৰতীক জাতীয় বীৰ লাচিত বৰফুকনক ৰাজ্যজুৰি শ্ৰদ্ধাঞ্জলি।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে জাতীয় বীৰজনাক সোঁৱৰি আয়োজন কৰিছে লাচিত দিৱস।

Leave a Reply

Your email address will not be published. Required fields are marked *