Share and Enjoy !

Shares

ৰাজ্যৰ সৰ্ববৃহৎ তথা পশ্চিম কাৰ্বি আংলঙৰ গুড় বজাৰত গুড় কিনিবলৈ নাই গ্ৰাহক অৰ্থাৎ গুড় ক্ৰয় কৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰপ্তানি কৰা বেপাৰী। যাৰ পৰিপ্ৰেক্ষিতত এতিয়া সমস্যা আৰু বিপদত পৰিছে কাৰ্বি পাহাৰৰ গুড় প্ৰস্তুত কৰা কৃষক ৰাইজ। এই দৃশ্য পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰনি সাপ্তাহিক বজাৰৰ। বজাৰত কুঁহিয়াৰ খেতি কৰা চহা কৃষক ৰাইজে গুড় আনিছে যদিও গুড় কিনাৰ বাবে নাহিল কোনো গ্ৰাহক তথা গুড় ৰপ্তানি কৰা বেপাৰী। বিগত কিছুদিন ধৰি উজনি অসমত গুড় বেপাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই লালি গুড়ৰ আলম লৈ গুড় বেপাৰীক আটক কৰাৰ এক অভিযোগ উত্থাপিত হৈছে। আৰু তাৰ পাছতেই বজাৰত দেখা দিছে গুড় ব্যৱসায়ৰ অচলাৱস্থা।মুঠতে এক কথাত কবলৈ গলে দৰিদ্ৰ কৃষকে গুড় প্ৰস্তুত কৰি শেহতীয়াকৈ বজাৰত গুড় বিক্ৰী কৰিব নোৱাৰাত এক প্ৰকাৰ সমস্যাৰ সন্মুখীন হোৱাৰ লগতে মূৰে কঁপালে হাত দিব লগা হৈছে কৃষক ৰাইজে। ইফালে বোকাখাত আৰক্ষীয়ে কাৰ্বি আংলঙৰ পৰা উজনি অসমলৈ গুড় ৰপ্তানি কৰা বেপাৰীৰ পৰা ধন সংগ্ৰহ কৰাৰো এক গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে একাংশ বেপাৰীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *