চিৰাং জিলাৰ গৰুভাষাত আৰক্ষী আউট পোষ্টত উত্তপ্ত পৰিস্থিতি।
দেওবাৰে নিশা সন্ধিয়া ৭ বজাত গৰুভাষাৰ নাগদৰবাৰীত মটৰচাইকেলত অহা দুই অচিনাক্ত দুৰ্বৃত্তই এজন যুৱকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছিল। দুৰ্বৃত্তৰ আক্ৰমণৰ ফলত ছাইমন কিস্কু (২৪) নামৰ এজন যুৱক গুৰুতৰ ভাৱে আহত হয়।
দোষীক গ্ৰেপ্তাৰ কৰাৰ দাবীত আজি পুৱাৰে পৰা আদিবাসী জনগোষ্ঠীৰ লোকে গৰুভাষা আৰক্ষী চাউনি ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে।