ছুপাৰষ্টাৰ ছলমান খানক সন্ত্ৰাসবাদী ঘোষণা পাকিস্তানৰছুপাৰষ্টাৰ ছলমান খানক সন্ত্ৰাসবাদী ঘোষণা পাকিস্তানৰ

Share and Enjoy !

Shares

ছুপাৰষ্টাৰ ছলমান খানক সন্ত্ৰাসবাদী ঘোষণা পাকিস্তানৰ।ছৌদি আৰৱত বেলুচিস্তানক পাকিস্তানৰ পৰা পৃথক দেশ বুলি অভিহিত কৰিছিল ছলমান খানে।

 

ইয়াপ পাছতে চুবুৰীয়া দেশখন ক্ষুব্ধ হৈ পৰে। এই সন্দৰ্ভত পাকিস্তানৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে এক অধিসূচনাও জাৰি কৰিছে

 

ছৌদি আৰৱত অনুষ্ঠিত জয় ফ’ৰাম ২০২৫ত বলীউড অভিনেতা চলমান খানে ভাষণ দিয়াৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত তেওঁ কয় যে এইসকল বেলুচিস্তানৰ জনসাধাৰণ, আফগানিস্তানৰ জনসাধাৰণ, পাকিস্তানৰ জনসাধাৰণ, সকলোৱে চৌদি আৰৱত কঠোৰ পৰিশ্ৰম কৰি আছে। এই বিবৃতিত তেওঁ পাকিস্তানৰ পৰা পৃথকে বেলুচিস্তানৰ কথা উল্লেখ কৰিছে। ছলমানৰ এই বক্তব্যই পাকিস্তানত ক্ষোভৰ সৃষ্টি কৰে।

 

পাকিস্তানে ছলমান খানক চতুৰ্থ অনুসূচীত স্থান দিছে,এই তালিকাখন সন্ত্ৰাসবাদ বিৰোধী আইনখনৰ অধীনত পৰে, আৰু ইয়াত থকা ব্যক্তিসকলৰ ওপৰত পাকিস্তানত আইনী ব্যৱস্থা গ্ৰহণ কৰা হয়। এই সন্দৰ্ভত চৰকাৰী অধিসূচনা জাৰি কৰা হৈছে। অৱশ্যে ছলমান খান বা তেওঁৰ প্ৰতিনিধিৰ কোনো তাৎক্ষণি নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *