পুৱাই জুবিনক্ষেত্ৰত উপস্থিত হয় গৰিমা শইকীয়া গাৰ্গ,ভগ্নী পামী বৰঠাকুৰ, পাৰ্থসাৰথি মহন্ত, বীৰেন সিংহ, প্ৰাঞ্জল শইকীয়া, তৰালী শৰ্মা।পুৱাই।নিৰ্মাণ সমিতিৰ ১১ গৰাকী সদস্যই পৰিদৰ্শন কৰে জুবিনক্ষেত্ৰ।
জুবিনক্ষেত্ৰ পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ সন্মুখত গৰিমা শইকীয়া গাৰ্গে গুৰুত্বপূৰ্ণ মন্তব্য কৰে, ‘‘তেওঁলোকে ইয়াত কিমানখিনি মাটি আছে, সেয়া দেখাই দিছে। আমাৰ ইচ্ছা জুবিনক্ষেত্ৰত অকল এখন সমাধি ক্ষেত্ৰ কৰিব বিচৰা নাই, জুবিনক্ষেত্ৰ এটা এক্সপেৰিয়েন্স চেণ্টাৰ হওক। য’ত জুবিনৰ মিউজিয়াম থাকিব। আমি পৰিকল্পনা বনাইছো। ইয়াত আহি চাকি-বন্তি জ্বলাই থাকিব লাগিব, ইয়াৰ লগতে নিজক সংযোগ কৰিব পৰাকৈ জুবিনৰ সত্বাটো থাকিব লাগিব।”
লগতে গৰিমা শইকীয়া গাৰ্গে কয় যে, প্ৰাকৃতিক উপাদানেৰে প্ৰযুক্তিগতভাৱে উৎকৃষ্টমানদণ্ড কিছুমান বস্তু ৰখাৰ আমাৰ ইচ্ছা আছে। আমি কলাক্ষেত্ৰত ইতিমধ্যে আমাৰ প্ৰেজণ্টেশ্যন দিছো। সেই মৰ্মে স্থানীয় ৰাইজৰ উপস্থিতিত মাটি কিমান আছে সেয়াই চালো। অলপ পৰিসৰটো বেছি হ’লে ভালে। স্থানীয় ৰাইজে ৩০ৰ পৰা ৪০ বিঘা মাটি দিব পাৰিব বুলি কৈছে।
” স্থানীয় ৰাইজে বিচাৰিছে যে ইয়াত কোনো ৰিজ’ৰ্ট নহওক, কোনো নিৰ্মাণ কাৰ্য নহওক। এটা সম্পূৰ্ণ সাংস্কৃতিভাৱে, প্ৰাকৃতিকভাৱে অভিজ্ঞতা আহৰণ কেন্দ্ৰ হওক। আমি মাথোঁ প্ৰাৰম্ভিকভাৱে পৰিকল্পনা কৰিছো, সম্পূৰ্ণ পৰিকল্পনা হোৱা নাই।’’
