ডবকাৰ দিঘলজাৰুণী লালমাটিত অঘটন।
বিদ্যুৎপৃষ্ট হৈ মৃত্যুক আঁকোৱালী ল’লে এজন লোকে।
মৃত লোকজন ডবকাৰ মিকিৰআটী নাহৰ গাঁৱৰ জিতু মেছ।
জিতু মেছ বিদ্যুৎ বিভাগৰ অধীনৰ ঠিকাদাৰৰ বনুৱা।
জিতু মেছে আজি পুৱা ডবকাৰ দীঘলজাৰুণী লালমাটিত বিদ্যুৎ লাইনত কাম কৰি থকাৰ সময়তে বিদ্যুৎপৃষ্ট হয়। ততাতৈয়াকৈ একাংশ লোকে ডবকা সামূহিক চিকিৎসালয়লৈ লৈ আনে যদিওঁ চিকিৎসালয় পোৱাৰ আগতে মৃত্যু হয় লোকজনৰ। ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাওঁলৈ প্ৰেৰণ কৰা হৈছে।
যোৱা নিশা জিতু মেছে ডবকাৰ বিদ্যুত নিয়ন্ত্ৰন কক্ষত কাম কৰি পুৱা ঘৰলৈ গৈছিল। আজি পুৱা মৃত লোকজনে এ পি চি ডি এল ৰ নে চাৰিলেনযুক্ত পথ নিৰ্মাতা কোম্পানীৰ হৈ কাম কৰিব গৈছিল সেই কথা এতিয়ালৈকে পোহৰলৈ অহা নাই।
ঘটনা সন্দৰ্ভত বিদ্যুৎ বিভাগৰ বিষয়া সকলে তদন্ত আৰম্ভ কৰিছে যদিওঁ সাংবাদিকৰ কেমেৰাৰ আগত একো তথ্য প্ৰকাশ কৰা নাই বিষয়া সকলে।
