তীব্ৰবেগী বাহনৰ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ডিভাইডাৰত প্ৰচণ্ড খুন্দা;নিহত ৩গৰাকী,আহত ২গৰাকীতীব্ৰবেগী বাহনৰ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ডিভাইডাৰত প্ৰচণ্ড খুন্দা;নিহত ৩গৰাকী,আহত ২গৰাকী

Share and Enjoy !

Shares

জাগীৰোডৰ শিলচাঙৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ দুৰ্ঘটনা। পুৱতি নিশা সংঘটি হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।

 

জানিব পৰা অনুসৰি,তীব্ৰবেগী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ডিভাইডাৰত প্ৰচণ্ড খুন্দা মাৰে। দুৰ্ঘটনাগ্ৰস্ত AS-01EW-6546 নম্বৰৰ Creta বাহনখনত আছিল ৫জন লোক। তাৰ ভিতৰত তিনিগৰাকী লোকৰ মৃত্যু হয় আৰু গুৰুতৰভাৱে আহত হয় দুগৰাকী লোক। আহত লোককেইজনক নগাঁৱলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়।দুৰ্ঘটনাটোত ডাঃ কণ্ঠেশ্বৰ বৰদলৈ, আশ্বিক হুছেইন আৰু মানস মহন্ত নামৰ তিনিজন লোকৰ মৃত্যু হয়।

 

উল্লেখযোগ্য যে, দুৰ্ঘটনাত মৃত্যু হোৱা ডাঃ কণ্ঠেশ্বৰ বৰদলৈ মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ প্ৰসূতিৰোগ বিশেষজ্ঞ আছিল।

 

কিছুদিন পূৰ্বে, যোৱা ৫ ছেপ্টেম্বৰৰ পৰা ৬ ছেপ্টেম্বৰৰ ভিতৰত মাত্ৰ ১০ ঘণ্টাত জটিল ছিজাৰিয়ান অস্ত্ৰোপচাৰৰ জৰিয়তে ২১টাকৈ নৱজাতক প্ৰসৱ কৰোৱাৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *