নৈশ বাছ আৰু এম্বুলেন্সৰ মাজত মুখামুখি সংঘৰ্ষ;নিহত ৩জন,আহত ৪জননৈশ বাছ আৰু এম্বুলেন্সৰ মাজত মুখামুখি সংঘৰ্ষ;নিহত ৩জন,আহত ৪জন

Share and Enjoy !

Shares

এক শোকাৱহ দুৰ্ঘটনা। মঙলবাৰে পুৱাই তিনিচুকীয়াৰ মাকুম শুকান পুখুৰী অঞ্চলত নৈশ বাছ আৰু এম্বুলেন্সৰ মাজত মুখামুখি সংঘৰ্ষ হয়।।

সংঘৰ্ষত এম্বুলেন্সৰ দুজন আৰোহীৰ ঘটনাস্থলীতে মৃত্যু হয়। আন এজন লোকৰ চিকিৎসালত মৃত্যু হয় ।দুৰ্ঘটনাত কেইবাজনো লোক আহত হয়। আহত পাঁচজনৰ অৱস্থা সংকটজনক। আহত লোকসকলক উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰা হয়।। জানিব পৰা মতে, এম্বুলেন্সখনত আঠজন লোক আছিল তাৰে তিনিজন লোকৰ মৃত্যু হয়। বাকী পাঁচজনৰ অৱস্থা সংকটজনক।

নিহত তিনিজনৰ নাম কুমাৰ ছেত্ৰী, গোবিন ভূঞা আৰু এগৰাকী মহিলা মিঞ্জু ভূঞা।গোবিন ভূঞা আৰু মিঞ্জু ভূঞা স্বামী স্ত্ৰী আছিল।বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে গুৱাহাটীৰ পৰা আহি থকা দ্বীপ ট্ৰেভেলছৰ নৈশ বাছখনে ডিগবৈৰ পাৱৈ দিশৰ পৰা গৈ থকা এখন এম্বুলেন্সখনত সন্মুখৰ পৰা প্ৰচণ্ড খুন্দা মাৰে। বাছখনত থকা কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই এই দুৰ্ঘটনাত।।

নৈশ বাছখনৰ নম্বৰ হৈছে AS01 KC 7799 আৰু এম্বুলেন্সখনৰ নম্বৰ হৈছে AS 01RC 5473৷

Leave a Reply

Your email address will not be published. Required fields are marked *