পলাশবাৰীৰ কান্দুপুৰত বনৰীয়া হাতীৰ কৰুণ মৃত্যু।পলাশবাৰীৰ কান্দুপুৰত বনৰীয়া হাতীৰ কৰুণ মৃত্যু।

Share and Enjoy !

Shares

পলাশবাৰীৰ কান্দুপুৰত বনৰীয়া হাতীৰ কৰুণ মৃত্যু।

দক্ষিণ কামৰূপৰ উৰপুত কান্দুপুৰত যোৱা নিশা বিদ্যুৎপৃষ্ঠ হৈ এটা বনৰীয়া হাতীৰ কৰুণ মৃত্যু হয়।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি মিৰ্জা বৈদ্যুতিক উপ সংমণ্ডলৰ গাফিলতিৰ বাবেই সংঘটিত হয় এই ঘটনা।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি দক্ষিণ কামৰূপৰ মাজকুছি, উৰপুত, তিনিআলি, পাৰাকুছিকে আদি কৰি বিভিন্ন প্ৰান্তত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আহিছে।

নিশা কান্দুপুৰত খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতী এটাৰ বিদ্যুৎপৃষ্ঠ হৈ কৰুণ মৃত্যু হয়।

প্ৰায় ৮ ফুট উচ্চতাৰ বিদুৎ সংযোগী তাৰত লাগি বিদ্যুৎপৃষ্ঠ হৈ ওচৰতে থকা পুখুৰী এটাত বাগৰি পৰে হাতীটো।

এতিয়া প্ৰশ্ন হ’ল মিৰ্জা বৈদ্যুতিক উপ সংমণ্ডলে কি হিচাপত মাত্ৰ ৮ ফুট উচ্চতাৰ বিদুৎ সংযোগী তাঁৰেৰে বিদুৎ সংযোগ কৰিছে?

ইতিমধ্যে ঘটনাস্থলীত লোহাৰঘাট বন বিভাগৰ লোক উপস্থিত হৈ মৃত হাতীটোক উদ্ধাৰ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *