প্ৰধানমন্ত্ৰীৰ উপস্থিতিত পাটনাৰ ঐতিহাসিক গান্ধী মৈদানত দশমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে নীতিশ কুমাৰে। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত পাটনাৰ ঐতিহাসিক গান্ধী মৈদানত দশমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে নীতিশ কুমাৰে।

Share and Enjoy !

Shares

বিহাৰৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’লে নীতিশ কুমাৰে। দশমবাৰলৈ মুখ্যমন্ত্ৰীৰ আসনত বহিব নীতিশ কুমাৰ। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত পাটনাৰ ঐতিহাসিক গান্ধী মৈদানত দশমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে নীতিশ কুমাৰে।

ৰাজ্যপাল আৰিফ মহম্মদ খানে শপত বাক্য পাঠ কৰায় নীতিশ কুমাৰক। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিছ, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলকে ধৰি NDAৰ বহু জ্যেষ্ঠ নেতা। উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, মেঘালয়ৰ মুখ্যমন্ত্ৰী কণৰাড চাংমা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰীও।

গান্ধী ময়দানত পুৱা ১১:৩০ বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানত ৰাজ্যপাল আৰিফ মহম্মদ খানে বিজেপিৰ সম্ৰাট চৌধুৰী আৰু বিজয় সিনহাক উপ-মুখ্যমন্ত্ৰী হিচাপে শপত বাক্য পাঠ কৰায়।

Leave a Reply

Your email address will not be published. Required fields are marked *