Share and Enjoy !

Shares

বকোত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী আৱাস যোজনা- (পি এম এ ৱাই ৰ)৩ ;২৫ ২৩৪ টা পৰিয়ালক গৃহৰ অনুমোদন পত্ৰ প্ৰদান।

উন্নত আৱাস সমৃদ্ধ জীৱন ” শ্লোগানক চাকাৰ ৰূপ দি আজি কামৰূপ জিলাৰ বকোত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী গৃহৰ অনুমোদন পত্ৰ প্ৰদান কৰে। চৰকাৰৰ প্ৰধান মন্ত্ৰী আৱাস যোজনা ( পি এম এ ৱাই)ৰ অধীনত আৱন্টিত গৃহৰ অনুমোদন পত্ৰ প্ৰদান কৰে। প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অনুমোদন পত্ৰ প্ৰদান কাৰ্য্যসূচী ৰূপায়ণ কৰিবলৈ কামৰূপ জিলাৰ বকো স্থিত গান্ধী মৈদান সমন্বয় ক্ষেত্ৰত আয়োজন কৰে এক বিশাল কাৰ্য্যসুচী। গৃহ আৱন্টন পত্ৰ প্ৰদান অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে বকো সমষ্টিৰ অভিভাৱক তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।
দেশৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ জৰিয়তে সকলো শ্ৰেণীৰ ৰাইজৰ বাবে অগণন আঁচনি গ্ৰহণ কৰি ৰূপায়ণ কৰা বিষয়ে অৱগত কৰে। ৰাজ্যত বি জে পিৰ চৰকাৰ গঠন কৰা দিনৰে পৰা ধাৰাবাহিক ভাৱে উন্নয়ণ আধাৰিত হৈ আহিছে। ৰাজ্যত সকলো শ্ৰেণীৰ ৰাইজৰ বাবে ভিন্ন আঁচনি প্ৰস্তুত কৰি ৰূপায়ণ কৰি আহিছে। প্ৰধান মন্ত্ৰী স্বচ্ছ ভাৰত অভিযানৰ পৰা আৰম্ভ কৰি অভাবি লোকক বিনামূলীয়া চাউল ; মহিলাক অৰুণোদই ; আনন্দৰাম বৰুৱা আঁচনিৰ জৰিয়তে লেপটপ ; ছাত্ৰীৰ বাবে স্কুটি ; আয়ুসমানৰ জৰিয়তে চিকিৎস্যা সাহাৰ্য্য ; অন্যান্য আঁচনিৰ উপৰিও নতুনকৈ গ্ৰহণ কৰা বাবু আঁচনি গ্ৰহণ কৰা বুলি ঘোষণা কৰে

Leave a Reply

Your email address will not be published. Required fields are marked *