বিজনীত বনৰীয়া হাতীৰ মুক্ত বিচৰণ;বন্যহস্তীৰ উপদ্ৰৱত শংকিত অঞ্চলবাসীবিজনীত বনৰীয়া হাতীৰ মুক্ত বিচৰণ;বন্যহস্তীৰ উপদ্ৰৱত শংকিত অঞ্চলবাসী

Share and Enjoy !

Shares

ৰাজ্যত বন্যহস্তীৰ মুক্ত বিচৰণ। খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে।যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে।

এইবাৰ বিজনীৰ বিষ্ণুপুৰত বনৰীয়া হাতীৰ মুক্ত বিচৰণ।বনৰীয়া হাতীক খেদি খেদি বনকৰ্মীৰ অভিযান।বনৰীয়া হাতীক খেদি খেদি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত পঠিয়াবলৈ বিষ্ণুপুৰ ফৰেষ্টৰ বনকৰ্মী সকলে অভিযান চলাইছে।

জানিব পৰা মতে, খাদ্যৰ সন্ধানত মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বনৰীয়া হাতী ওলাই আহি বিজনীৰ উত্তৰাঞ্চল ২নং চিকাঝোৰা গাঁৱৰ ঘন জংঘলৰ ভিতৰত সোমাই যায়। ৰাইজে পুৱাই প্ৰত্যক্ষ কৰে বন্যহস্তীটো। লগে লগে ঘটনা সন্দৰ্ভত বনকৰ্মীক খবৰ দিয়ে।খবৰ লাভ কৰিয়ে ঘটনাস্থলীত বনকৰ্মীৰ দল উপস্থিত হয় যদিও এতিয়ালৈ উভতাই পঠিয়াব পৰা নাই হাতীটোক।

গাঁৱৰ ৰাইজৰ সন্দেহ অনুসৰি হাতীটো যোৱা ২দিন ধৰি এই জংঘলতে আশ্ৰয় লৈ আছিল। কিন্তু কোনেও গম পোৱা নাছিল। আজিপুৱা গাঁৱৰ ৰাইজে পথাৰত কাম কৰিবলৈ গৈ প্ৰত্যক্ষ কৰে এই হাতীটোক। তাৰ পাছতে লাগিল হুৱা-দুৱা।

Leave a Reply

Your email address will not be published. Required fields are marked *