Share and Enjoy !

Shares

বিবাদিত সীমান্তত সংঘাত অন্ত পেলোৱাৰ বাবে আজি থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত যুদ্ধবিৰতি চুক্তি স্বাক্ষৰিত হয়। থাইলেণ্ডৰ চান্থাবুৰী প্ৰদেশৰ সীমান্তৰ চেকপইণ্টত থাইলেণ্ডৰ প্ৰতিৰক্ষা মন্ত্ৰী নাথাপন নাকপানিচ আৰু কম্বোডিয়াৰ উপ-প্ৰধানমন্ত্ৰী তথা প্ৰতিৰক্ষা মন্ত্ৰী টি ছেইহাই এই চুক্তিত স্বাক্ষৰ কৰে।

দুয়োখন দেশে তেওঁলোকৰ সীমান্ত সমিতিৰ বিশেষ বৈঠকত সহমতত উপনীত হোৱাৰ পাছতে এই সন্দৰ্ভত যুটীয়া বিবৃতি প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, জুলাই মাহত হোৱা যুদ্ধবিৰতি চুক্তি ভংগ কৰি চলিত মাহৰ আৰম্ভণিতে দুয়োখন দেশৰ সংঘাতে তীব্ৰৰূপ ধাৰণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *