শ্ৰমিক ভৰ্তি যাত্ৰীবাহী বাছত ভয়ংকৰ অগ্নিকাণ্ড; থিতাতে নিহত ২গৰাকী শ্ৰমিক,আহত ১২গৰাকীশ্ৰমিক ভৰ্তি যাত্ৰীবাহী বাছত ভয়ংকৰ অগ্নিকাণ্ড; থিতাতে নিহত ২গৰাকী শ্ৰমিক,আহত ১২গৰাকী

Share and Enjoy !

Shares

শ্ৰমিক ভৰ্তি যাত্ৰীবাহী বাছত ভয়ংকৰ অগ্নিকাণ্ড। থিতাতে নিহত ২গৰাকী শ্ৰমিক,আহত ১২গৰাকী।

 

ৰাজস্থানৰ জয়পুৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। জয়পুৰৰ মূল চহৰৰ পৰা প্ৰায় ৬৫কিলোমিটাৰ নিলগত মনোহৰপুৰ এলেকাত এখন যাত্ৰীবাহী বাছত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।

 

জানিব পৰা মতে, শ্ৰমিক ভৰ্তি বাছখনত আছিল ৫-৬টা চিলিণ্ডাৰ। বাছখনত হঠাতে অগ্নিকাণ্ড সূত্ৰপাত হোৱাৰ পাছতে বিস্ফোৰিত হয় বাছখনত থকা চিলিণ্ডাৰ কেইটা। চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ পাছত সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হয় বাছখন। ফলত ২গৰাকী শ্ৰমিক থিতাতে নিহত হোৱাৰ লগতে আহত হয় ১২গৰাকীকৈ শ্ৰমিক। আহত শ্ৰমিক কেইজনক সংকটজনক অৱস্থাত হাস্পাতালত ভৰ্তি কৰোৱা হয়।

 

এই সমগ্ৰ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে মৃতকৰ আত্মাৰ সদগতিৰ লগতে আহতসকলৰ সাহায্য প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *