সলনি কৰা হ’ল অযোধ্য়াৰ ৰাম মন্দিৰৰ দৰ্শন আৰু আৰতিৰ সময়সলনি কৰা হ’ল অযোধ্য়াৰ ৰাম মন্দিৰৰ দৰ্শন আৰু আৰতিৰ সময়

Share and Enjoy !

Shares

শীতকাল আৰম্ভ হোৱাৰ লগে লগে সলনি কৰা হ’ল অযোধ্য়াৰ ৰাম মন্দিৰত ৰাম লাল্লাৰ দৰ্শনৰ সময়। আজিৰে পৰা সলনি কৰা হৈছে দৰ্শনৰ সময়।

এতিয়াৰে পৰা ভক্তসকলে পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈকে ৰামলাল্লাক দৰ্শন কৰিব পাৰিব।

দৰ্শনৰ লগে লগে সলনি কৰা হৈছে ৰাম লাল্লাৰ আৰতিৰ সময়ো।

আৰতি আৰু প্ৰসাদৰ বাবে দুপৰীয়া এঘণ্টা বন্ধ থাকিব মন্দিৰৰ দুৱাৰ।

ট্ৰাষ্টে প্ৰকাশ কৰিছে ৰাম লাল্লাৰ দৰ্শনৰ নতুন সময়সূচী।

ট্ৰাষ্টী ড০ অনিল মিশ্ৰই প্ৰকাশ কৰা সময়সূচী অনুসৰি-

পুৱা ০৪:৩০ বজাত -মংগলা আৰতি

পুৱা ৬:৩০ বজাত শৃংগাৰ আৰতি

দৰ্শন মাৰ্গৰ পৰা প্ৰৱেশ আৰম্ভ

দৰ্শন আৰম্ভ পুৱা ০৭:০০ বজাৰ পৰা

১২:০০ বজাত – ভোগ আৰতি

দুপৰীয়া ১২.৩০ বজাৰ পৰা ১:০০ বজালৈ বন্ধ থাকিব মন্দিৰৰ দুৱাৰ

১ বজাত দৰ্শন আৰম্ভ

দৰ্শন শেষ নিশা ৯:১৫ বজাত

৯:৩০ বজাত – শায়ন আৰতি

আৰতিৰ পিছত দুৱাৰ বন্ধ

Leave a Reply

Your email address will not be published. Required fields are marked *